Univeristy Anthem

>

বিশ্ববিদ্যালয় সংগীত

বীৰাংগনা সতী সাধনী

নতুন যুগৰ ন-শক্তি

সাহস, সততা (আৰু) ত্যাগৰ চানেকীৰে

কৰিলে প্ৰজ্ঞাৰ বাট মুকলি … !


প্ৰজ্ঞা আমাৰ প্ৰত্যাশা

সৃষ্টি আমাৰ চেতনা

দৃষ্টি আমাৰ দূৰলৈ

নতুন জ্ঞানৰ ৰঙ চাবলৈ…


বিজ্ঞান, প্ৰযুক্তিৰ প্ৰভৱ বুটলি

আগুৱাই যাম আমি তিমিৰ ভেদি ,

সৃষ্টিৰ বীথিকাৰে বিলাম বৈভৱ

দুষ্কৃতি, দূৰ্নীতি সকলো খেদি !


জ্ঞানৰ ভূষণ পিন্ধি

অজ্ঞান আন্ধাৰক পোহৰাই তুলিম

মাটিৰ বুকুত থকা মাণিক বিচাৰি

জগত জিলিকাই ৰাখিম… !


প্ৰতিশ্ৰুতি আমাৰ দেশৰ বাবে

বোধৰ প্ৰতিধ্বনি দহৰ হকে

প্ৰজ্ঞাৰ প্ৰাপ্তিৰে বোৱাম প্লাৱন

গাম আমি একতাৰে

সাধনীৰ দেশ প্ৰেমৰ গান…

সমস্বৰে দিও আমি

জয় জয় জয়ধ্বনি

বীৰাংগনা সতী সাধনীৰ

আদৰ্শৰে গঢ়া এই পৃষ্ঠভূমি !!

কথা : ড° জ্যোতিপ্ৰসাদ শইকীয়া

সুৰ : ড° অনিল শইকীয়া